বৈদিক যুগৰ শিক্ষাৰ ধাৰণা (Concept of Vedic Education) প্ৰাচীন ভাৰতীয় শিক্ষা বুলি ক’লে হিন্দু শিক্ষা ব্যৱস্থা তথা বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ কথাই ক’ব পাৰি। বৈদিক শিক্ষাৰ মূল ভেঁটি হ’ল বেদ। বৈদিক শিক্ষা ব্যৱস্থাত প্ৰধানকৈ নৈতিক, আধ্যাত্মিক আৰু ধৰ্মীয় দিশৰ উৎকৰ্ষ সাধনত বিশেষ গুৰুত্ব দিছিল। বৈদিক যুগৰ জীৱন-দৰ্শন আছিল “আত্মোপলব্ধি আৰু আত্মশুদ্ধি” (Self realisation and self purification) । যিয়ে আমাক মুক্তি দিব পাৰে সেয়ে বিদ্যা বা শিক্ষা। অৰ্থাৎ, শিক্ষাই আমাক অজ্ঞান-আন্ধাৰৰ পৰা মুক্তি দিব পাৰে তথা দৈহিক প্রয়োজনে সৃষ্টি কৰা জীৱনৰ কামনা-বাসনাৰ পৰা আমাক মুক্তি দিব পাৰে। মায়া-মোহ, কামনা-বাসনা আদি দৈহিক প্ৰয়োজনৰ পৰা জীৱাত্মাক মুক্ত কৰি দিব্যজ্যোতি স্বৰূপ পৰামাত্মা বা ভগৱানত বিলীন হোৱাৰ পথ দেখুৱাই আছিল বৈদিক যুগৰ শিক্ষাৰ মূল লক্ষ্য। নিজক চিনি পাবলৈ, নিজ শক্তি-সামৰ্থৰ প্ৰতি সচেতন হবলৈ, নিজৰ কৰ্তব্য সম্বন্ধে জাগ্ৰত হ’বলৈ আৰু সকলোকে নিজৰ বুলি ভাবি তেওঁলোকৰ প্ৰতি দয়াশীল আৰু সহানুভূতিশীল হ’বলৈ শিকোৱাটো বৈদিক শিক্ষাৰ প্ৰধান আদৰ্শ। বৈদিক যুগৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য (Aims an...
Welcome to My Blog