Skip to main content

বৈদিক যুগৰ ভাৰতীয় শিক্ষা (Vedic Education in India)

বৈদিক যুগৰ শিক্ষাৰ ধাৰণা

(Concept of Vedic Education)

প্ৰাচীন ভাৰতীয় শিক্ষা বুলি ক’লে হিন্দু শিক্ষা ব্যৱস্থা তথা বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ কথাই ক’ব পাৰি। বৈদিক শিক্ষাৰ মূল ভেঁটি হ’ল বেদ। বৈদিক শিক্ষা ব্যৱস্থাত প্ৰধানকৈ নৈতিক, আধ্যাত্মিক আৰু ধৰ্মীয় দিশৰ উৎকৰ্ষ সাধনত বিশেষ গুৰুত্ব দিছিল। বৈদিক যুগৰ জীৱন-দৰ্শন আছিল “আত্মোপলব্ধি আৰু আত্মশুদ্ধি” (Self realisation and self purification)  । যিয়ে আমাক মুক্তি দিব পাৰে সেয়ে বিদ্যা বা শিক্ষা। অৰ্থাৎ, শিক্ষাই আমাক অজ্ঞান-আন্ধাৰৰ পৰা মুক্তি দিব পাৰে তথা দৈহিক প্রয়োজনে সৃষ্টি কৰা জীৱনৰ কামনা-বাসনাৰ পৰা আমাক মুক্তি দিব পাৰে। মায়া-মোহ, কামনা-বাসনা আদি দৈহিক প্ৰয়োজনৰ পৰা জীৱাত্মাক মুক্ত কৰি দিব্যজ্যোতি স্বৰূপ পৰামাত্মা বা ভগৱানত বিলীন হোৱাৰ পথ দেখুৱাই আছিল বৈদিক যুগৰ শিক্ষাৰ মূল লক্ষ্য। নিজক চিনি পাবলৈ, নিজ শক্তি-সামৰ্থৰ প্ৰতি সচেতন হবলৈ, নিজৰ কৰ্তব্য সম্বন্ধে জাগ্ৰত হ’বলৈ আৰু সকলোকে নিজৰ বুলি ভাবি তেওঁলোকৰ প্ৰতি দয়াশীল আৰু সহানুভূতিশীল হ’বলৈ শিকোৱাটো বৈদিক শিক্ষাৰ প্ৰধান আদৰ্শ। 

বৈদিক যুগৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য

(Aims and Objectives of Vedic Education)


  1. আত্মাৰ উৎকৰ্ষ সাধন (Attainment of Soul): শিক্ষাৰ দ্বাৰা মানুহক জ্ঞান প্ৰদান কৰি গূঢ় বিষয়বস্তু আৰু সমস্যা সমাধান কৰি আত্মাৰ উৎকৰ্ষ সাধন কৰা বৈদিক শিক্ষাৰ এটা প্ৰধান লক্ষ্য। শিক্ষাই বুদ্ধি, শক্তি আৰু নিপুণতা বৃদ্ধি কৰি অন্তৰ্দৃষ্টি বঢ়ায় আৰু আত্মাৰ উন্নতি সাধনৰ জৰিয়তে মানুহক মুক্তিৰ পথ দেখুৱায়।
  2. আধ্যাত্মিক উৎকৰ্ষ সাধন (Spiritual Attainment): শিক্ষাৰ পোহৰেৰে অজ্ঞান-আন্ধাৰ দূৰ কৰি মানুহক আধ্যাত্মিক পৰ্যায়লৈ উন্নীত কৰাৰ ওপৰত এই শিক্ষাই গুৰুত্ব দিছিল। শিক্ষাৰ্থীসকলৰ মনক লোভ, মোহ, কাম, ক্ৰোধ আদিৰ পৰা আঁতৰত ৰাখি পৰম ব্ৰহ্মৰ বিষয়ে জ্ঞান লাভৰ ব্যৱস্থা কৰা হৈছিল।
  3. ধাৰ্মিক আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ (Development of religious and moral values): বৈদিক শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য আছিল শিক্ষাৰ্থীক ধৰ্মীয় আৰু নৈতিক মূল্যবোধৰ শিক্ষা প্ৰদানৰ জৰিয়তে সমাজৰ একো একোজন সৎ, উপযুক্ত আৰু ধাৰ্মিক সদস্যৰূপে গঢ়ি তোলা। সেয়ে সত্যবাদিতা, উদাৰতা, সাহস, সৎ-গুণ আহৰণ, নিজৰ ক্ষুদ্ৰ স্বাৰ্থ বিসৰ্জন দিয়া আদি গুণবোৰৰ বিকাশ সাধনত গুৰুত্ব দিয়া হৈছিল।
  4. চৰিত্ৰ গঠন (Formation of Character): বৈদিক শিক্ষা ব্যৱস্থাত ধৰ্মীয় শিক্ষা প্ৰদানৰ জৰিয়তে শিক্ষাৰ্থীৰ মনত আধ্যাত্মিক অনুভূতি আৰু নৈতিক মূল্যবোধৰ ভাব জগাই তোলাৰ ওপৰত গুৰুত্ব দিছিল, যাতে তেওঁলোকৰ নৈতিক চৰিত্ৰ গঠন হৈ উঠে। গুৰুৱে মহাকাব্যত উল্লেখ থকা ৰাম, যুধিষ্ঠিৰ, লক্ষ্মণ, সীতা, সাৱিত্ৰী, হৰিশ্চন্দ্ৰ আদি মহান ব্যক্তিক আদৰ্শৰূপে লৈ শিক্ষাৰ্থীৰ চৰিত্ৰ গঠনত গুৰুত্ব দিছিল।
  5. ব্যক্তিত্বৰ বিকাশ সাধন (Development of Personality): বৈদিক যুগত আত্ম-বিশ্বাস, আত্ম-সংযম, আত্ম-সন্মান, আত্ম-উপলব্ধি আদি গুণবোৰৰ বিকাশৰ জৰিয়তে ব্যক্তিত্বৰ সুস্থ বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এই গুণবোৰৰ অধিকাৰী গুৰুৱে শিষ্যৰ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত এক আদৰ্শ স্বৰূপে প্ৰভাৱান্বিত কৰিছিল।
  6. সৰল জীৱন, উচ্চ চিন্তা (Plain Living, High Thinking): অনাড়ম্বৰভাৱে জীৱন-যাপনৰ মাজেৰে উচ্চ পৰ্যায়ৰ চিন্তা-চৰ্চা কৰাৰ ওপৰত বৈদিক যুগৰ শিক্ষাই বিশেষ প্ৰাধান্য দিছিল। সেয়ে ঋষি-মুনিসকলে জীৱনৰ সুখ-সম্ভোগ ত্যাগ কৰি অৰণ্যৰ মাজত ধৰ্ম-সংস্কৃতি, দৰ্শন আদিৰ বিষয়ে অধ্যয়নত মনোনিৱেশ কৰিছিল।
  7. নাগৰিকত্ব আৰু সামাজিক মূল্যবোধৰ বিকাশ (Development of Citizenship and Social Values): বৈদিক শিক্ষা ব্যৱস্থাৰ এটা প্ৰধান লক্ষ্য আছিল শিক্ষাৰ্থীসকলক সামাজিক মূল্যবোধসমূহ আয়ত্ত কৰাৰ যোগেদি সু-নাগৰিক হিচাপে গঢ়ি তোলা। ইয়াৰ ফলত তেওঁলোকে সমাজত নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতন আৰু দায়িত্বশীল হৈ পাৰিছিল।
  8. সামাজিক দক্ষতা বৃদ্ধি (Development of Social Efficiency): উঠি অহা প্ৰজন্মক বিভিন্ন বিষয় আৰু বিভিন্ন বৃত্তিৰ শিক্ষা দি সামাজিক দক্ষতা বৃদ্ধি কৰাটো বৈদিক শিক্ষাৰ অন্য এক লক্ষ্য বা উদ্দেশ্য। সাধাৰণতে জাতিভেদ প্ৰথা অনুসৰি বংশানুক্ৰমিকভাৱেই পুত্ৰই পিতৃৰ ব্যৱসায় বা বৃত্তি গ্ৰহণ কৰিছিল। ইয়াৰ ফলত সমাজৰ উন্নতি আৰু অৰ্থনৈতিক বিকাশত সহায়ক হৈছিল।
  9. জাতীয় সংস্কৃতিৰ আহৰণ, সংৰক্ষণ আৰু সম্প্ৰচাৰ (Inculcating, preservation and expansion of culture): বৈদিক যুগত শিক্ষাৰ যোগেদি সামাজিক আৰু সাংস্কৃতিক ধাৰাবাহিকতা ৰক্ষা কৰি উঠি অহা প্ৰজন্মক পুৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যৰ লগত চিনাকি কৰি দিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

বৈদিক শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ

(Characteristics of Vedic Education)


  1. ধৰ্ম ভিত্তিক (Religious Based): আৰ্য সমাজ ধৰ্ম ভিত্তিক হোৱাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত ধৰ্মৰ প্ৰভাৱ পৰিছিল। সেয়ে শিক্ষাত যাগ-যজ্ঞ, ধ্যান, ধৰ্মচৰ্চাই মুখ্য স্থান লাভ কৰিছিল।
  2. গুৰুকুল (Gurukul): বৈদিক যুগত শিষ্যই নিজ গৃহ ত্যাগ কৰি গুৰুৰ ঘৰতে গুৰুৰ পৰিয়ালৰে এজন সদস্যৰ দৰে থাকি গুৰুৰ সান্নিধ্যত শিক্ষা লাভ কৰাৰ ব্যৱস্থা আছিল।  গুৰুগৃহত শিষ্যই পৰিয়ালৰ একো একোজন সদস্যৰ দৰেই প্ৰয়োজনীয় তথা যাৱতীয় সকলো কাম-কাজ কৰি জ্ঞান আহৰণ কৰিব লাগিছিল।
  3. উপনয়ন (Upanayan): বৈদিক যুগত শিষ্যই শিক্ষা গ্ৰহণৰ বাবে গুৰুগৃহলৈ আহিলে বিদ্যাৰম্ভ কৰাৰ আৰম্ভণিতে এক উৎসৱ অনুষ্ঠিত কৰা হয়। ইয়াকে উপনয়ন বোলা হৈছিল। উপনয়নত পৱিত্ৰ লগুণ পিন্ধাই শিষ্যক ব্ৰহ্মচাৰী কৰি গুৰুৱে শিক্ষাদানৰ কাৰণে গ্ৰহণ কৰিছিল আৰু গুৰুগৃহত প্ৰৱেশৰ অনুমতি দিছিল।
  4. বেদৰ জ্ঞান দান (Imparting Knowedge of Veda): বৈদিক যুগত বেদসমূহ লিখিত ৰূপত নাছিল। মুখে মুখে পঢ়ি বেদ আয়ত্ত কৰি জ্ঞান সংৰক্ষিত কৰা হৈছিল। এই ক্ষেত্ৰত শুদ্ধ উচ্চাৰণত গুৰুত্ব দিয়া হৈছিল।
  5. শিক্ষক বা গুৰু (Teacher or Guru): গুৰুসকল বৈদিক শিক্ষা ব্যৱস্থাৰ মূল কেন্দ্ৰবিন্দু আছিল। এইসকলক ঋষি বোলা হৈছিল। তেওঁলোক আছিল চাৰিত্ৰবান, বিদগ্ধ পণ্ডিত, শাস্ত্ৰত অগাধ দখল থকা, উচ্চ নৈতিক আদৰ্শ তথা মহৎ গুণৰ অধিকাৰী লোক।
  6. ছাত্ৰৰ কৰ্তব্য (Duties of Students): গুৰুকুলত শিষ্যই কঠোৰ ব্ৰহ্মচাৰ্য পালন কৰি লোভ, মোহ, কাম, ক্ৰোধ দমন কৰি অধ্যয়নত মনোনিৱেশ কৰিব লাগিছিল। তেওঁলোকে নিজৰ সম্প্ৰদায় অনুযায়ী গাত পেটি মেৰিয়াই ল’ব লাগিছিল। গুৰুৰ প্ৰতি শিষ্যই দায়বদ্ধতা পালন কৰিব লাগিছিল। গুৰুৰ বাক্য আখৰে আখৰে পালন কৰিব লাগিছিল।
  7. শিক্ষক-ছাত্ৰৰ মধুৰ সম্বন্ধ (Good Relation between Teacher and Students): বৈদিক যুগত শিক্ষক আৰু ছাত্ৰৰ মাজত মৰম, ভালপোৱা, স্নেহ, শ্ৰদ্ধা, বিশ্বাস আৰু ভক্তিৰ ওপৰত ভিত্তি কৰি এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল। সেই সময়ত শিক্ষক-ছাত্ৰৰ সম্বন্ধ পিতা-পুত্ৰৰ দৰে আছিল।
  8. পাঠ্যক্ৰম (Curriculum): বৈদিক যুগৰ শিক্ষাৰ পাঠ্যক্ৰমত শিক্ষাৰ্থীৰ সৰ্বতোমুখী বিকাশত গুৰুত্ব দিয়া হৈছিল। যাগ-যজ্ঞ, বৈদিক মন্ত্ৰ আদি শিকোৱা হৈছিল আৰু বৈদিক সাহিত্য অধ্যয়ন বাধ্যতামূলক আছিল। ইয়াৰোপৰি ব্যাকৰণ, জ্যোতিৰ্বিদ্যা, তৰ্কশাস্ত্ৰ, ইতিহাস, দৰ্শন, ৰাজনীতি আদি বিষয়ৰ লগতে জাতি অনুযায়ী বিভিন্ন বৃত্তি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
  9. অনুশাসন (Discipline): বৈদিক শিক্ষা ব্যৱস্থাত আত্মানুশাসনৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। মানোবৈজ্ঞানিক নীতিৰ ওপৰত ভিত্তি কৰি ছাত্ৰৰ সামৰ্থ, ৰুচি-অভিৰুচি আৰু মানসিক অৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। শাৰীৰিক শাস্তি প্ৰদানৰ ব্যৱস্থা নাছিল।

বৈদিক শিক্ষাৰ পাঠ্যক্ৰম

(Curriculum of Vedic Education)

বৈদিক যুগৰ শিক্ষাৰ পাঠ্যক্ৰমক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে-
সাধাৰণ শিক্ষাৰ পাঠ্যক্ৰম (Curriculum of Vedic Education) :
বৈদিক যুগৰ শিক্ষা ধৰ্মকেন্দ্ৰিক আছিল যদিও শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ সৰ্বতোমুখী বিকাশ সাধন কৰিব পৰাকৈ বিভিন্ন বিষয় পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছিল। পাঠ্যক্ৰমত বৰ্তমান আৰু ভৱিষ্যতৰ এক নিবিড় সম্পৰ্ক ৰক্ষা কৰা হৈছিল। বৈদিক শিক্ষাৰ সাধাৰণ পাঠ্যক্ৰমত সাহিত্যৰ অধ্যয়ন বাধ্যতামূলক আছিল।
বৈদিক শিক্ষাৰ সাধাৰণ পাঠ্যক্ৰমৰ মূল বিষয় ছটা আছিল। সেইবোৰ হৈছে-
সাহিত্য: ইয়াৰ অন্তৰ্গত বিষয়বোৰ হৈছে- চাৰিবেদ আৰু বেদাঙ্গসমূহ; যেনে- ছন্দ, কল্প, নিৰুক্ত, ব্যাকৰণ, জ্যোতিষ শিক্ষা, সংহিতা, নীতিশাস্ত্ৰ, কবিতা আদি।
মানৱীয় বিজ্ঞান: ইয়াৰ অন্তৰ্গত বিষয়বোৰ হৈছে- ইতিহাস, পুৰাণ, মহাকাব্য, অৰ্থশাস্ত্ৰ, তৰ্কশাস্ত্ৰ, দৰ্শন, ব্ৰহ্মবিদ্যা, ধৰ্মতত্ত্ব, মৃতকৰ পূজাৰ বিধি বা মৃত কৰ্ম আদি।
বিজ্ঞান: ইয়াৰ অন্তৰ্গত বিষয়বোৰ হৈছে- জীৱবিজ্ঞান, জ্যামিতি, অংকবিজ্ঞান, দৈৱবিজ্ঞান আদি।
চিকিৎসা বিজ্ঞান: ইয়াৰ অন্তৰ্গত বিষয়বোৰ হৈছে- আয়ুৰ্বেদ, শল্যশাস্ত্ৰ, জ্যোতিৰ্বিদ্যা আদি।
সামৰিক বিজ্ঞান: ইয়াৰ অন্তৰ্গত বিষয়বোৰ হৈছে- ধনুৰ্বিদ্যা, অস্তবিদ্যা, আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ নীতি আদি।
সুকুমাৰ কলা: ইয়াৰ অন্তৰ্গত বিষয়বোৰ হৈছে- চিত্ৰাংকণ, সংগীত আৰু নৃত্য।
বৃত্তিমূলক পাঠ্যক্ৰম (Curriculum of Professional Education):
বৈদিক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলক ভৱিষ্যত জীৱন সফলভাৱে কটাব পৰাকৈ বিভিন্ন বৃত্তিমূলক শিক্ষা দিয়াৰো ব্যৱস্থা আছিল। সেই যুগত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰসকলক বেলেগ বেলেগ বৃত্তিমূলক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল।
জাতি অনুযায়ী বৃত্তি শিক্ষাৰ বিষয়সমূহ এনেধৰণৰ আছিল-
 ব্ৰাহ্মণ: ব্ৰহ্মণসকলক বৈদিক কৰ্ম, যাগ-যজ্ঞ, পূজা-পাতল, শ্ৰাদ্ধ আৰু অন্যান্য সংস্কাৰমূলক দিশৰ শিক্ষা প্ৰদান কৰা হৈছিল।
ক্ষত্ৰিয়: ক্ষত্ৰিয়সকলক অস্ত্ৰ চালনা তথা সামৰিক শিক্ষা আৰু যুদ্ধৰ কৌশল সম্পৰ্কীয় শিক্ষা দিয়া হৈছিল, যাতে তেওঁলোকে দেশ ৰক্ষাৰ কামত নিয়োজিত হব পাৰে।
বৈশ্য: বৈশ্যসকলক কৃষি, উদ্যোগ, বাণিজ্য, বেহা-বেপাৰ সম্পৰ্কীয় শিক্ষা দিয়া হৈছিল।
শূদ্ৰ: শূদ্ৰ শিক্ষাৰ্থীসকলক মাছ ধৰা, সৰ্পবিদ্যা বা সাপ ধৰা, চৰাই ধৰা, কাপোৰ আৰু সুগন্ধি বস্তু উৎপাদন কৰা, কাপোৰত ৰং কৰা, ঘৰ-দুৱাৰত ৰং কৰা, নৃত্য, বাদ্য আদিৰ শিক্ষা দিয়া হৈছিল।
বৈদিক যুগত বৃত্তিসমূহ জাতিভিত্তিক আছিল যদিও একেটা পৰিয়ালৰে বেলেগ বেলেগ সদস্যই বেলেগ বেলেগ কাম কৰি জীৱিকা উপাৰ্জন কৰাৰ উদাহৰণ দেখা যায়। ব্যক্তিসকলৰ মাজত থকা বিভিন্ন প্ৰৱণতা আৰু অনুসন্ধিৎসাৰ পাৰ্থক্যৰ বাবেই তেওঁলোকে বেলেগ বেলেগ কৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল। এনে দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই বৈদিক যুগত বিভিন্ন বৃত্তিমূলক বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল।

বৈদিক শিক্ষাৰ সংগঠন
(Organisation of Vedic Education)

বৈদিক যুগৰ আৰম্ভণিতে শিক্ষাদান আৰু শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে কোনো সু-সংগঠিত ব্যৱস্থা নাছিল। সেই সময়ত শিক্ষা প্ৰদানৰ বাবে তিনিবিধ সংগঠন আছিল; যেনে- 

  1. পৰিয়ালকেন্দ্ৰিক সংগঠন: এই ব্যৱস্থাত পৰিয়ালৰ মূৰব্বীজনৰ তত্ত্বাৱধানত ধনী পৰিয়াল, ৰজা-মহাৰজা আদিয়ে তেওঁলোকৰ সন্তানক ঘৰতে ৰাখি কোনো ঋষি-মুনিক মাতি আনি নিজৰ ঘৰতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল।
  2. গুৰুকুল: গুৰুকুল সংগঠনত শিষ্যই কোনো এজন ঋষিৰ তত্ত্বাৱধানত, তেওঁ নিৰ্ধাৰণ কৰা নীতি-নিয়মৰ অধীনত গৃহ পৰিৱেশত শিক্ষা লাভ কৰে।
  3. আশ্ৰম: আশ্ৰমত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। প্ৰতিখন আশ্ৰমত একোজনকৈ ঋষি বা আচাৰ্য আৰু যথেষ্ট সংখ্যক শিষ্য থাকে। আগৰ দিনত ৰজা-মহাৰজা, ধনী পৰিয়ালৰ ল’ৰাক এনে আশ্ৰমত ৰাখি শিক্ষা দিয়াৰ ব্যৱস্থা আছিল।
বৈদিক যুগত কালক্ৰমত শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণৰ বাবে তিনি প্ৰকাৰৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছিল। সেইবোৰ হল- 

  1. গুৰুকুল (Gurukul): শিষ্যই নিজ গৃহ ত্যাগ কৰি গুৰুৰ ঘৰতে গুৰুৰ পৰিয়ালৰে এজন সদস্যৰ দৰে থাকি গুৰুৰ সান্নিধ্যত শিক্ষা লাভ কৰা প্ৰথাক গুৰুকুল বুলি কোৱা হয়। সাধাৰণতে 8 ৰ পৰা 12 বছৰ বয়সত উপনয়ন অনুষ্ঠান সম্পন্ন কৰি শিষ্যই গুৰুৰ গৃহলৈ শিক্ষা আহৰণৰ বাবে যায় আৰু 12 বছৰ কাল ধৰি এচোৱা দীঘলীয়া সময় গুৰুগৃহত থাকি অধ্যয়নত মনোনিৱেশ কৰিব লাগিছিল। গুৰুগৃহত শিষ্যসকলে পৰিয়ালৰ একো একোজন সদস্যৰ দৰেই প্ৰয়োজনীয় তথা যাৱতীয় সকলো কাম-কাজ কৰি জ্ঞান আহৰণ কৰিব লাগিছিল। ইয়াত গুৰু-শিষ্যৰ মাজত এক নিবিড় সম্বন্ধৰ ভেটিত শিক্ষা বিতৰণ আৰু শিক্ষা আহৰণ কাৰ্য সম্পাদন হৈছিল। ইয়াকে গুৰুকুল প্ৰথা বুলি কোৱা হয়।গুৰুকুল ব্যৱস্থাত গুৰুৰ ব্যক্তিত্বই শিষ্যৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্ব গঠনত যথেষ্ট প্ৰভাৱ পেলাইছিল। গুৰুকুলবোৰ নগৰ-চহৰৰ পৰা দূৰৈত নিৰ্জন ঠাইত স্থাপন কৰা হৈছিল। গুৰুকুলত শিষ্যসকলক নিজৰ সন্তানৰ দৰে প্রতিপালন কৰা হৈছিল। সেয়ে শিষ্যসকলে থকা, খোৱা আৰু অধ্যয়নত কোনো অসুবিধা পোৱা নাছিল। গুৰুগৃহৰ সকলো নীতি-নিয়মৰ লগতে দৈহিক আৰু আধ্যাত্মিক দিশত শিষ্যসকলে শিষ্টাচাৰী হৈ চলিব লাগিছিল। এই গুৰুকুলত ধনী-দুখীয়া সকলোকে একেলগে শিক্ষাদান কৰা হৈছিল। শিক্ষা সাং কৰাৰ পিছত শিষ্যসকলে নিজৰ সাধ্যানুসৰি গুৰুক গুৰুদক্ষিণা দিব লাগিছিল।
  2. পৰিষদ (Parishad): বৈদিক যুগত শিক্ষা আৰু জ্ঞানৰ উৎকৰ্ষ সাধন, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঠিত হোৱা অনুষ্ঠানবোৰৰ ভিতৰত পৰিষসদসমূহে বিশেষ ভূমিকা পালন কৰিছিল। পৰিষদ হল পণ্ডিতসকলে বেদ সম্পৰ্কিত বিভিন্ন বিষয় আলোচনা কৰা মঞ্চ, যত বেদৰ শ্লোকসমূহৰ বিশদ ব্যাখ্যা কৰা হয়। পৰিষদসমূহ গুণী-জ্ঞানী, বিদ্বান লোকৰ দ্বাৰা গঠিত আৰু পৰিচালিত হয়। জ্ঞানৰ উৎকৰ্ষ সাধন আৰু প্ৰসাৰেই এনে পৰিষদৰ মুখ্য উদ্দেশ্য আছিল। এনে পৰিষদে মেধাৱী শিষ্যক দৰ্শন, আইন-কানুন, তৰ্কবিদ্যা আদি বিষয়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছিল। ইয়াৰোপৰি ৰজাক আইন-কানুন আৰু প্ৰশাসনীয় কাম-কাজ সুকলমে পৰিচালনা কৰাতো সহায় কৰিছিল। বহল দৃষ্টিভংগী আৰু পৰিসৰৰ এনে পৰিষদবোৰক আজিৰ বিশ্ববিদ্যালয়বোৰৰ লগত তুলনা কৰিব পাৰি।
  3. সন্মিলন (Sanmilan) : হিন্দু ৰজাসকলে সময়ে সময়ে অনুষ্ঠিত কৰা পণ্ডিতসকলৰ সমাবেশকে সন্মিলন বোলা হয়। এই সন্মিলনত ঋষি-মুনিসকলে ৰজাৰ আতিথ্য গ্ৰহণ কৰি নানা বিষয়ৰ ওপৰত আলোচনা কৰে আৰু ৰজাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু দিহা-পৰামৰ্শ দি ৰজাক ৰাজকাৰ্যত সহায় কৰে। শব্দগত দিশৰ পৰা কোনো বিশেষ উদ্দেশ্যে বহুলোকে কোনো নিৰ্দিষ্ট স্থানত সমবেত হোৱাকে ‘সন্মিলন’ বুলি কোৱা হয়। উপনিষদতো প্ৰায়ে ৰজাৰ আমন্ত্ৰণক্ৰমে ৰাজসভাত বহু জ্ঞানী লোকৰ সমাবেশত সন্মিলন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে।

বৈদিক শিক্ষাৰ বিত্তীয় ব্যৱস্থা

(Finance of Vedic Education)

 বৈদিক যুগৰ শিক্ষা ব্যৱস্থা বিনামূলীয়া আছিল। বৈদিক যুগৰ আৰম্ভণিতে গৃহ পৰিৱেশতে পিতৃ-মাতৃয়ে নিজৰ সন্তানক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল আৰু প্ৰয়োজনীয় সা-সামগ্ৰীৰ যোগান ধৰিছিল। শিক্ষা ব্যৱস্থা মৌখিক হোৱা বাবে কোনো লিখন বা পঠন সামগ্ৰীৰ প্ৰয়োজন হোৱা নাছিল। গুৰুৱে শিক্ষা দান অৱস্থাত কোনো ধৰণৰ মাচুল লোৱা নাছিল। শিক্ষাদানৰ শেষতহে শিষ্যৰ পৰিয়ালৰ সামৰ্থ অনুযায়ী গুৰু দক্ষিণা লৈছিল।
বৈদিক যুগত গুৰুকুল বা আশ্ৰম শিক্ষা ব্যৱস্থাতো গুৰুৱে শিষ্যৰ পৰা কোনো মাচুল লোৱা নাছিল। কেৱল উপনয়ন উৎসৱৰ সমুদায় খৰছ শিষ্যৰ পৰিয়ালে বহন কৰিব লাগিছিল। অৱশ্যে যজ্ঞৰ বাবে খৰি আৰু কুশ বন শিষ্যৰ পৰিয়ালে যোগান ধৰিব লাগিছিল। গুৰুৱে উপনয়নৰ শেষত আৰু শিক্ষা শেষ কৰি শিষ্যই গৃহাভিমুখী হোৱাৰ সময়ত শিষ্যৰ পৰিয়ালৰ সাধ্যানুসৰি গুৰু দক্ষিণা গ্ৰহণ কৰিছিল।
বৈদিক যুগৰ গুৰুকুল আৰু আশ্ৰমৰ বাবে সেই সময়ৰ ৰজা-মহাৰজা, জমিদাৰ আৰু অৰ্থবান পৰিয়ালে বিভিন্ন ধৰণেৰে সহায় কৰিছিল। আশ্ৰমৰ বাবে ভূমি দান, আশ্ৰমৰ ৰোক্ষণা-বেক্ষণ, প্ৰয়োজনীয় অৰ্থ সাহাৰ্য আদিৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ সহায় কৰিছিল।
বৈদিক যুগত সৰ্বসাধাৰণ লোকসকলে শিষ্যক ভিক্ষা দান কৰি গুৰুগৃহৰ শিক্ষাত সহায় কৰিছিল। ৰজাই শিষ্যসকলক বৃত্তিও প্ৰদান কৰিছিল। উচ্চ শিক্ষাৰ বাবে ৰজাই কিছুমান গাঁৱৰ ৰাজহৰ ধন শিক্ষানুষ্ঠানলৈ আগবঢ়াইছিল।
বৈদিক যুগত শিক্ষাদানত নিযুক্ত গুৰুসকলে পৰিতোষিক লোৱাৰ কোনো নিয়ম নাছিল। সেয়ে এই ক্ষেত্ৰত বিশেষ বিত্তৰ প্ৰয়োজন হোৱা নাছিল। সেই সময়ত গুৰু-শিষ্যৰ মাজত এক আধ্যাত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল, য’ত অৰ্থনৈতিক দিশটোক গৌণ বুলিহে বিবেচনা কৰা হৈছিল। শিষ্যসকলে শিক্ষা সাং কৰাৰ অন্ততহে গুৰুৰ ঋণ পৰিশোধ কৰাৰ উদ্দেশ্যে সৎ উপায়েৰে সংগ্ৰহ কৰা ধন আৰু সামগ্ৰী দান-বৰঙণি হিচাপে দিছিল। গুৰুৱেও সেইবোৰ গ্ৰহণ কৰিছিল আৰু শিষ্যক আশীৰ্বাদ কৰিছিল।

বৈদিক যুগৰ শিক্ষাদান পদ্ধতি

(Methods of Teaching in Vedic Age)

বৈদিক যুগত শিক্ষাদান আৰু শিক্ষাগ্ৰহণ পদ্ধতি তিনিটা বিশেষ ব্যৱস্থাৰে সম্পাদন কৰা হৈছিল। সেইকেইটা হল-

  1. মৌখিক পদ্ধতি (Oral Method): বৈদিক যুগত আজিৰ দৰে লেখ প্ৰথা নাছিল। সেই সময়ত শিক্ষা মৌখিকভাৱেহে প্ৰদান কৰা হৈছিল। সেয়ে শিক্ষা এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ মৌখিকভাৱেই প্ৰৱাহিত হৈছিল। বেদৰ শ্লোকসমূহ গুৰুৱে পাঠ কৰি গৈছিল আৰু শিষ্যই সেইসমূহ মুখস্থ কৰিব লাগিছিল। গুৰুৰ মুখৰ পৰা শুনি শুনিয়েই শিষ্যই বেদৰ শ্লোকসমূহ মনত ৰাখিছিল আৰু সেই শিষ্যই আকৌ গুৰু হৈ তেওঁৰ শিষ্যক বেদ শ্ৰৱণ কৰাইছিল। সকলো শাস্ত্ৰ সহজে মুখস্থ কৰিব পৰাকৈ পদ্যত লিখা হৈছিল। বেদৰ শ্লোকসমূহৰ স্বৰ, বৰ্ণ, অক্ষৰ, মাত্ৰা আৰু শব্দৰ অৰ্থৰ জ্ঞানৰ ওপৰত বিশেষ ধ্যান দিয়া হৈছিল। প্ৰত্যেকটো শব্দৰ শুদ্ধ উচ্চাৰণ, শ্লোকসমূহৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু শ্লোকসমূহ মুখস্থ কৰাৰ লগে লগে তাৰ গূঢ়াৰ্থও গুৰুৱে ব্যাখ্যা কৰি গৈছিল। সাধাৰণতে বেদত তিনিটা স্বৰৰ প্ৰয়োগ কৰা হয়; সেইকেইটা হল-উদাত্তস্বৰ, অনুদাত্তস্বৰ আৰু স্বৰিত স্বৰ। এই স্বৰৰ বিকৃতি ঘটিলে শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটি বাঞ্ছিত ফল লাভৰ পৰা বঞ্চিত হবলগীয়া হয়।
  2. প্ৰশ্নোত্তৰ পদ্ধতি (Question Answer Method) : বৈদিক যুগত প্ৰশ্নোত্তৰ পদ্ধতিক শিক্ষাদানৰ প্ৰধান পদ্ধতি হিচাপে গুৰুসকলে ব্যৱহাৰ কৰিছিল। প্ৰত্যেক দিনে গুৰুৱে শিষ্যক প্ৰশ্ন সুধিছিল। সেয়েহে প্ৰতিজন শিষ্যই তেওঁলোকৰ পাঠসমূহ ভালদৰে অধ্যয়ন কৰি গুৰুৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈ থাকিব লাগিছিল। উপনিষদসমূহত শিষ্যসকলে তেওঁলোকৰ কৌতূহল দমন কৰিবৰ বাবে পৰাবিদ্যা বা তত্ত্ববিদ্যা, জ্ঞান-বিজ্ঞান আদি শিক্ষাৰ লগত জড়িত বিভিন্ন প্ৰশ্ন সোধাৰ বিষয়ে উল্লেখ পোৱা যায়। গুৰুৱেও শিষ্যসকলক যথাযথ উত্তৰ দি তেওঁলোকৰ কৌতূহল দমন কৰিছিল। এনে প্ৰশ্নোত্তৰ পদ্ধতিয়ে গুৰু আৰু শিষ্য উভয়কে সদায় সক্ৰিয় আৰু সজাগ কৰি ৰাখিছিল। প্ৰশ্নোত্তৰ পদ্ধতিত আলোচনা আৰু তর্কৰ দ্বাৰাও শিক্ষাদানৰ ব্যৱস্থা আছিল। সময়ে সময়ে আলোচনাচক্ৰ আৰু সভা আহ্বান কৰা হৈছিল। এই আলোচনাচক্ৰ আৰু সভালৈ ঋষি-মুনি, বিদগ্ধ পণ্ডিতলোকক নিমন্ত্ৰণ জানোৱা হৈছিল আৰু তেওঁলোকে সত্য, ব্ৰহ্ম আদি দাৰ্শনিক বিষয়ৰ ওপৰত নিজ নিজ মতামত ব্যক্ত কৰিছিল।
  3. শ্ৰৱণ-মনন-নিদিধ্যাসন (Hearing, Meditation and Realisation) : শ্ৰৱণ, মনন আৰু নিদিধ্যাসন - এই তিনিটা স্তৰৰে বৈদিক যুগৰ শিক্ষাদান আৰু শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত বিশেষ গুৰুত্ব আছিল।
শ্ৰৱণ: শ্ৰৱণৰ অৰ্থ হল শুনা। অৰ্থাৎ, গুৰুৱে যি শিক্ষা দিয়ে তাক মনোযোগেৰে শুনাই হৈছে শ্ৰৱণ। গুৰুৱে বেদৰ শ্লোকসমূহ শুৱলা সুৰত গাই যায় আৰু শিষ্যই মনোযোগেৰে শুনি সেইসমূহ মনত ৰাখিব লাগে। ইয়াৰ উপৰি গুৰুৱে আগবঢ়োৱা প্ৰতিটো পৰামৰ্শ আৰু নিৰ্দেশনা শিষ্যই গুবহু মনত ৰাখিব লাগিছিল। শ্ৰৱণক ছটা পৰ্যায়ত বিভক্ত কৰিব পাৰি; সেয়া হল-

  1. উপকৰ্ম
  2. অভ্যাস
  3. অপূৰ্বতা
  4. ফল
  5. অৰ্থবাদ
  6. উপপত্তি।
মনন: মননৰ অৰ্থ হৈছে হৃদয়ঙ্গম কৰা। অৰ্থাৎ গুৰুৱে কোৱা প্ৰতিটো কথা, শব্দ আৰু বাক্যৰ অৰ্থ হৃদয়ঙ্গম কৰিবলৈ যত্ন কৰাই হৈছে মনন। মননৰ জৰিয়তেহে প্ৰকৃত জ্ঞান আহৰণ কৰিব পাৰি।
নিদিধ্যাসন: নিদিধ্যাসন মানে সত্যৰ চিন্তাত মনোযোগ দিয়া। অৰ্থাৎ, শ্ৰৱণ আৰু মননৰ জৰিয়তে বুজি পোৱা বিষয়বোৰৰ তত্ত্ব নিৰ্ণয় কৰিবৰ বাবে ঐকান্তিকভাৱে চিন্তা কৰাই হৈছে ধ্যান বা নিদিধ্যাসন। কোনো বিষয়ৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে একনিষ্ঠ সাধন বা ধ্যান তথা নিদিধ্যাসনৰ প্ৰয়োজন।
উপৰোক্ত পদ্ধতিবোৰৰ উপৰি বৈদিক যুগত শিক্ষাদান-শিক্ষাগ্ৰহণৰ বাবে অন্য কিছুমান পদ্ধতিও ব্যৱহাৰ কৰা হৈছিল; সেয়া হল-

  1. স্বধ্যায়
  2. বক্তৃতা পদ্ধতি
  3. সাদৃশ্য পদ্ধতি
  4. পুনৰুস্থান পদ্ধতি
  5. সংশ্লেষণাত্মক পদ্ধতি
  6. বিমূঢ়তা পদ্ধতি ইত্যাদি।
বৈদিক যুগৰ শিক্ষা শিক্ষককেন্দ্ৰিক আছিল। সেই সময়ত শিক্ষাৰ মাধ্যম আছিল সংস্কৃত। যিসকল শিক্ষাৰ্থীয়ে বিদ্যাৰম্ভৰ সময়ত ব্ৰত পালনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিল আৰু চাৰিবেদৰ জ্ঞান আহৰণ কৰি শিক্ষা শেষ কৰিছিল তেওঁলোকক ‘বিদ্যা-ব্ৰত-স্নাতক’ বোলা হৈছিল। যিসকলে ব্ৰতসমূহ পালনত সক্ষম নহলেও বেদৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল সেইসকলক ‘বিদ্যা-স্নাতক’ আৰু যিসকলে ব্ৰত পালন কৰিবলৈ সক্ষম হৈছিল কিন্তু বেদৰ অধ্যয়ন সম্পূৰ্ণ কৰিব পৰা নাছিল তেওঁলোকক ‘ব্ৰত স্নাতক’ বোলা হৈছিল। স্নাতক উপাধি প্ৰদানৰ সময়ত সমাৱৰ্তন স্নান কৰি শিষ্যসকলে সমাৱৰ্তন উৎসৱত অংশগ্ৰহণ কৰিছিল। এনেদৰেই বৈদিক যুগত শিক্ষা প্ৰদান আৰু শিক্ষাগ্ৰহণ কাৰ্য সম্পাদন কৰা হৈছিল।

বৈদিক যুগৰ নাৰী শিক্ষা
(Women Education in Vedic Period)

প্ৰাচীন ভাৰতত পুৰুষৰ সমানে নাৰীসলেও যোগ্য স্থান লাভ কৰিছিল। সেই সময়ত নাৰীসকলেও পুৰুষৰ সমানেই স্বাধীনতা বাৰু সন্মান লাভ কৰিছিল। উচ্চবৰ্ণৰ নাৰীসকলক পুৰুষৰ দৰেই লগুণ দিয়া হৈছিল। তেওঁলোকে গায়ত্ৰী বা সাৱিত্ৰী মন্ত্ৰ জপ কৰিছিল, যজ্ঞাগ্নি প্ৰজ্বলিত কৰিছিল আৰু অন্যান্য শাস্ত্ৰ আৰু বেদ অধ্যয়ন কৰিছিল। বহুতো নাৰীয়ে বেদৰ মন্ত্ৰও ৰচনা কৰিছিল।
বেদমন্ত্ৰ ৰচয়িতা নাৰী কেইগৰাকী হল-
 ৰোমাশা;
লোপামুদ্ৰা;
অপালা;
বিশ্ববৰা;
সৰস্বতী;
কদ্ৰু।
ঋকবেদত উল্লেখ থকা নাৰীসকলৰ নাম হল-
ঘোষ;
জুহু;
পুলমি;
জৰিতা;
বাগাম্ভ্ৰিনী;
উৰ্বশী;
সাৰংগা;
সাৱিত্ৰী;
শ্ৰদ্ধা-কামায়নী;
য়ামি;
ইন্দ্ৰানী;
দেৱযানী।
সামবেদত উল্লিখিত নাৰীকেইগৰাকী হ’ল-
নধা;
আকৃষ্টভাষা;
গৌপায়না;
চিকাতানিবাবৰি।
 সংহিতাবোৰত বেদমন্ত্ৰ ৰচনা কৰা নাৰীৰ নাম পোৱা যায়। বৈদিক যুগত বেদমন্ত্ৰ ৰচয়িতা নাৰীসকলক ‘ঋষিকা’ বা ‘ব্ৰহ্মবাদিনী’ আৰু ‘সদ্যোবধু’ বোলা হৈছিল। হাৰীত নামৰ স্মৃতিশাস্ত্ৰৰ এগৰাকী ৰচয়িতায়ো এই দুই শ্ৰেণীৰ নাৰীৰ কথা উল্লেখ কৰিছিল।
ব্ৰহ্মবাদিনী (Brahmabadini): ‘বৃহৎদেৱতা’ নামৰ পুথিত মন্ত্ৰদ্বষ্ট নাৰীসকলক ব্ৰহ্মবাদিনী বোলা হৈছিল। ব্ৰহ্মবাদিনীসকলৰ উপনয়নত অধিকাৰ আছিল। এওঁলোক পুৰুষৰ সমানেই যাগ-যজ্ঞত বেদৰ অধ্যয়ন, বেদমন্ত্ৰ ৰচনা, যজ্ঞ প্ৰজ্বলন কৰা আদিৰ সুবিধা পাইছিল। তেওঁলোকে নিজৰ ঘৰতে ভিক্ষা মাগিছিল। ব্ৰহ্মবাদিনীসকলে নৈষ্ঠিক ব্ৰহ্মচাৰী পুৰুষসকলৰ দৰেই চিৰকাল অবিবাহিত হৈ থকাৰ প্ৰতিজ্ঞা কৰিছিল আৰু বিয়া-বাৰু নকৰিছিল। পৌৰাণিক সাহিত্যত ব্ৰহ্মবাদিনীৰ বাহিৰেও বহুতো ব্ৰহ্মচাৰিণীৰ বিষয়ে উল্লেখ পোৱা যায়।
সদ্যোবধু: সদ্যোবধু নাৰীসকলে গুৰুগৃহৰ শিক্ষা সাং কৰি পিতৃগৃহলৈ ঘূৰি আহিছিল আৰু বিবাহ কাৰ্যৰ দ্বাৰা গাৰ্হস্থ্য জীৱন-যাপন কৰিছিল। বৈদিক যুগত এনে নাৰীসকলক লগুণ বা যজ্ঞসূত্ৰ ধাৰণ কৰোৱা হৈছিল আৰু তেওঁলোকে বেদ অধ্যয়নৰ অধিকাৰ পাইছিল। 
বৈদিক যুগৰ নাৰীসকল বিভিন্ন বিষয়ত অতি উচ্চ পৰ্যায়ৰ শিক্ষাৰে শিক্ষিত আছিল। দৰ্শন, তৰ্কশাস্ত্ৰ আদি বিষয়ত বহুতো নাৰীৰ জ্ঞানৰ সীমাই পুৰুষকো চেৰ পেলাই গৈছিল। সেয়ে পুৰুষৰ দৰেই নাৰীৰ বাবেও শিক্ষাৰ ব্যৱস্থা আছিল। নাৰীসকলক নৃত্য-গীত, যন্ত্ৰসংগীত আদিও পুৰুষৰ সমানেই শিকোৱা হৈছিল। নাৰীসকলৰ বাবে ঊল গোঁঠা, তাঁত বোৱা, ফুল বছা, চিলাই কৰা, বেজী-সূতাৰে সুন্দৰকৈ চকীবোৰৰ ধুনীয়া গছিবোৰত অলংকৰণ কৰা আদি শিল্পবিদ্যাৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। আগ্ৰহীসকলক বীৰত্ব, সামৰিক শিক্ষা, অস্ত্ৰশিক্ষা, চিকিৎসা আদিৰ শিক্ষাও দিয়া হৈছিল। বৈদিক যুগত নাৰীসকলৰ মানসিক শক্তি পুৰুষৰ সমান বুলি স্বীকাৰ কৰি লোৱা হৈছিল। সেয়ে তেওঁলোকৰ শিক্ষাৰ সামৰ্থ আছে বুলি স্বীকাৰ কৰা হৈছিল। অৱশ্যে নাৰীৰ প্ৰয়োজন অনুসৰি তেওঁলোকৰ শিক্ষা পুৰুষতকৈ কিছু বেলেগ আছিল। সেয়ে সৰুৰে পৰাই বোৱা-কটা, ঘৰুৱা কাম, ৰন্ধন-প্ৰকৰণ, শিশুপালন আদি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। সেই সময়ত ইচ্ছুক মহিলাক ধৰ্ম আৰু সাংস্কৃতিক দিশত চৰ্চা অব্যাহত ৰখাত বাধা দিয়া হোৱা নাছিল। বৈদিক যুগত নাৰীসকলে ধৰ্মীয় শিক্ষাৰ লগতে কলা, হস্তশিল্প, অংক, জ্যামিতি, জ্যোতিষ শাস্ত্ৰ আদিত পাৰদৰ্শিতা দেখুৱাৰ লগতে ভাৰতীয় সাহিত্যলৈ অতুলনীয় বৰঙণি আগবঢ়ায়।

বৈদিক শিক্ষাৰ গুণ

(Merits of Vedic Education)

বৈদিক শিক্ষা ব্যৱস্থাৰ গুণবোৰ তলত উল্লেখ কৰা হল।

  1. শিক্ষাৰ্থীৰ সৰ্বতোমুখী বিকাশ: বেদৰ ব্যাখ্যাৰ যোগেদি ধৰ্ম, অৰ্থ, কৰ্ম আৰু মোক্ষ এই চাৰিপুৰুষাৰ্থ সাধনৰ বাবে গুৰুৱে প্ৰদান কৰা পৰমজ্ঞান হৃদয়ঙ্গম কৰি শিক্ষাৰ্থীৰ মানৱীয় গুণৰাজিৰ বিকাশ ঘটাই সৰ্বতোমুখী বিকাশ সাধন কৰিবলৈ বৈদিক শিক্ষাই সহায় কৰিছিল।
  2. চৰিত্ৰ আৰু ব্যক্তিত্ব গঠন: বৈদিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ যৌন পৱিত্ৰতা ৰক্ষা কৰি আত্ম-সংযম, আত্মোপলব্ধি আৰু আত্ম-সংশোধনত গুৰুত্ব দিছিল, যি তেওঁলোকৰ সৎ চৰিত্ৰ আৰু সুস্থ ব্যক্তিত্ব গঠনত সহায় কৰিছিল।
  3. বিশ্বশান্তিৰ শিক্ষা: বৈদিক শিক্ষা ব্যৱস্থাত ধৰ্মীয় আৰু আধ্যাত্মিক শিক্ষা প্ৰদানে সত্য, সুন্দৰ, প্ৰেম আৰু শান্তিৰ বাণী বিশ্বত প্ৰচাৰ কৰিব পাৰিছিল।
  4. সুস্থ শৈক্ষিক পৰিৱেশ: বৈদিক শিক্ষা ব্যৱস্থাত জনকোলাহলৰ পৰা নিলগত, অৰণ্যৰ মাজৰ গুৰুগৃহত, মুক্ত প্ৰাকৃতিক পৰিৱেশত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল; ফলত শিষ্যই সৰ্বোচ্চ জ্ঞান লাভৰ বাবে একাগ্রচিত্তে বেদমন্ত্ৰৰ শ্ৰৱণ, মনন আৰু অনুশীলন কৰিব পাৰিছিল।
  5. আত্ম-অনুশাসন: বৈদিক শিক্ষা ব্যৱস্থাত আত্ম-অনুশাসনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। সেয়ে শিক্ষাৰ্থীয়ে নিজৰ বিচাৰ-বিবেচনাৰে স্বতঃপ্ৰণোদিতভাৱে পৰিচালিত হৈছিল।
  6. ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত: বৈদিক শিক্ষা ব্যৱস্থা ৰাজনীতিৰ প্ৰভাৱৰ পৰা মুক্ত আছিল; সেয়ে শিক্ষা ব্যৱস্থাত গুৰু আৰু শিষ্য উভয়ে একাগ্রচিত্তেৰে শিক্ষাদান আৰু শিক্ষাগ্ৰহণ কাৰ্যত মনোনিৱেশ কৰিব পাৰিছিল।
  7. সৰ্বজনীন শিক্ষা: বৈদিক শিক্ষা ব্যৱস্থা গণতান্ত্ৰিক প্ৰকৃতিৰ আছিল। কাৰণ ইয়াত জাতি-বৰ্ণ-লিঙ্গ নিৰ্বিশেষে সকলোৱে শিক্ষা গ্ৰহণ কৰিব পাৰিছিল।
  8. গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্ক: বৈদিক শিক্ষা ব্যৱস্থাত শিক্ষক-শিক্ষাৰ্থীৰ মাজত এক নিবিড় সম্পৰ্ক বিৰাজ কৰিছিল। শিষ্যই গুৰুক পিতৃ আৰু ভগৱানৰ দৰে জ্ঞান কৰিছিল আৰু গুৰুৱেও শিষ্যক পুত্ৰৱৎ মৰম কৰিছিল।
  9. বিস্তৃত আৰু বহুমুখী পাঠ্যক্ৰম: বৈদিক যুগৰ শিক্ষাৰ পাঠ্যক্ৰম বিস্তৃত আৰু বহুমুখী প্ৰকৃতিৰ আছিল। ইয়াত বেদমন্ত্ৰৰ উপৰিও পৰাবিদ্যা আৰু অপৰাবিদ্যা সম্পৰ্কীয় সকলোবোৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল।
  10. চাহিদাভিত্তিক পাঠ্যক্ৰম: বৈদিক শিক্ষাৰ পাঠ্যক্ৰম ব্যক্তি, সমাজ আৰু সময়ৰ প্ৰয়োজন অনুসৰি উপযুক্তভাৱে খাপ খুৱাব পৰাকৈ শিথিল, নমনীয় আৰু গতিশীল কৰি তোলা হৈছিল।
  11. ব্যক্তিকেন্দ্ৰিক শিক্ষা: বৈদিক শিক্ষা ব্যৱস্থা ব্যক্তিকেন্দ্ৰিক আছিল, য’ত শিক্ষাৰ্থীয়ে নিজ ক্ৰিয়াৰ যোগেদি আত্ম-প্ৰকাশ আৰু বিকাশৰ সুবিধা পাইছিল।

বৈদিক শিক্ষাৰ দোষ/দুৰ্বলতা

(Demerits/Disadvantages of Vedic Education)

বৈদিক শিক্ষাৰ দোষ তথা দুৰ্বলতাসমূহ তলত উল্লেখ কৰা হল।

  1. ধৰ্মৰ ওপৰত বেছি প্ৰাধান্য: বৈদিক শিক্ষাত ধৰ্মৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। ধৰ্মীয় গ্ৰন্থসমূহ পুঙ্খানুপুঙ্খভাৱে জানিলেই শিক্ষা লাভ সফল বুলি ভবা হৈছিল।  প্ৰকৃততে ই শিক্ষাৰ উদ্দেশ্য হোৱা অনুচিত।
  2. যুক্তিবাদৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা: বৈদিক যুগত বেদ আৰু শাস্ত্ৰৰ বাণীসমূহ স্বয়ং ভগৱানৰ বাণী বুলি গণ্য কৰা হৈছিল। পটন্তৰ আৰু উদ্ধৃতি আদি সকলো ক্ষেত্ৰতে এই বাণীসমূহ দাঙি ধৰা হৈছিল। ফলত ব্যক্তিৰ নিজস্ব চিন্তা-চৰ্চা তথা যৌক্তিক ক্ষমতাৰ স্বতঃফূৰ্ত বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছিল।
  3. অমানৱীয় নীতি: বৈদিক যুগত মানসিক শ্ৰম অৰ্থাৎ বৌদ্ধিক চিন্তা-চৰ্চাক শাৰীৰিক শ্ৰমতকৈ অধিক গুৰুত্ব দিয়া হৈছিল। শাৰীৰিক শ্ৰম কৰা সকলক অস্পৃশ্য আৰু সকলোতকৈ নিকৃষ্ট হিচাপে গণ্য কৰা হৈছিল যিটো প্ৰকৃততে মানৱীয়তাৰ পৰিপন্থী।
  4. শিক্ষণীয় বিষয়সমূহৰ সমন্বয়হীনতা: বৈদিক শিক্ষা ব্যৱস্থাত প্ৰত্যেক বিষয়ক একো একোটা সুকীয়া শিক্ষা হিচাপে গণ্য কৰাৰ ফলত শিক্ষণীয় বিভিন্ন বিষয়ৰ মাজত সু-সমন্বয়ৰ অভাৱ ঘটিছিল।
  5. নাৰী শিক্ষাত অৱহেলা: বৈদিক শিক্ষাৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাক সম-সুযোগ দিয়া হৈছিল যদিও ধৰ্মসূত্ৰ আৰু মনুসংহিতাৰ দিনত নাৰীক শূদ্ৰ হিচাপে গণ্য কৰি নাৰী শিক্ষাক অৱহেলা কৰা হৈছিল; ফলত সমাজত নাৰীৰ স্থান বহু তলৰ পৰ্যায়লৈ অৱনমিত হল।
  6. অবৈজ্ঞানিক: শিক্ষাৰ্থীৰ মনোদৈহিক দিশৰ প্ৰতি বিবেচনা নিকৰাকৈয়ে শিক্ষাদান কৰা হৈছিল। সেই সময়ত প্ৰাথমিক শিক্ষাৰ আৱশ্যকতা অনুভৱ কৰা নাছিল, উচ্চ শিক্ষাৰ আধাৰতহে শিক্ষাদান কৰা হৈছিল।
  7. স্থানীয় ভাষাসমূহক অৱহেলা: বৈদিক শিক্ষাৰ মাধ্যম সংস্কৃত আছিল। স্থানীয় ভাষাসমূহৰ অধ্যয়নক অৱহেলা কৰাৰ বাবে সৰ্বসাধাৰণ লোকসকল শিক্ষা লাভৰ পৰা বঞ্চিত হৈছিল।
  8. ধনী শ্ৰেণীৰ সুফল লাভ: বৈদিক যুগৰ ব্ৰাহ্মণিক শিক্ষাত যাগ-যজ্ঞ, পূজা-পাৰ্বণ আৰু উচৰ্গাৰ প্ৰাধান্য বেছি হোৱাৰ ফলত সমাজৰ ধনী আৰু অভিজাত শ্ৰেণীৰ লোকেহে ইয়াৰ সুফল লাভ কৰিছিল।

Comments

  1. খুব ধুনীয়া প্ৰচেষ্টা ৷

    ReplyDelete
  2. বহুত ভাল লাগিল কথাখিনি জানিৱ পাৰি....

    ReplyDelete
  3. মজা লাগিল পহিবলে

    ReplyDelete
  4. অনুগ্ৰহ কৰি বৈদিক যুগৰ টোলৰ বিষয়ে অলপ লিখি দিবছোন

    ReplyDelete
  5. গুৰুকুলত মহিলা শিক্ষাৰ্থীৰ প্ৰকাৰ দুটা লাগিছলাগিছিলে??

    ReplyDelete
  6. Thank you very much, I am bengali, but I read this very easily, it will help my study in bachalar degree .

    ReplyDelete
  7. আপোনাৰ ফ'ন নম্বৰটো দিয়ক

    ReplyDelete
  8. Refference tu jonabo.nki please

    ReplyDelete
  9. Sir বৈদিক আৰু বৌদ্ধ যুগৰ শিক্ষা ব্যৱস্থাৰ তুলনামুলক ব্যাখ্যা আগবঢ়োৱা। উত্তৰ টো দিলে ভাল হৈ হয়।

    ReplyDelete
  10. বহুত ভাল লাগিল

    ReplyDelete
  11. পঢ়ি বহুত ভাল লাগিল। ধন্যবাদ চাৰ

    ReplyDelete
  12. ভাল লাগিল , বহু কথা জানিব পাৰিলো I

    ReplyDelete
  13. জানিব লগিয়া বহু খিনি কথাই জনিলো , বহুত সুন্দৰ আৰু অত্যন্ত সহায়ক লিখনি ।।

    ReplyDelete
  14. Respect and that i have a super present: Where To Loan For House Renovation house renovation credit

    ReplyDelete

Post a Comment

Popular posts from this blog

Five Days in Manipur

By Dibakar Borah, Parthajit Chutia, Durlav Kalita The Opportunity   The Indian Science Congress Association (ISCA) is an organization under the Ministry of Science, Government of India, started in 1914, to create a conducive environment for the study of basic sciences in India and to create scientific awareness and scientific mentality. This organization meets annually in different parts of India.   Fortunately, we had the privilege of participating in the 105th Indian Science Congress held at Manipur University. We were studying 4th semester in bachelor degree in Doomdooma College. We had applied for Student Membership of Indian Science Congress Association on their website. Then we completed our Registration process for 105th ISC. The Story March 14, 2018: We left our hostel in afternoon. Our college is located at Rupai Siding which is 28 km away from Tinsukia town. We went to Tinsukia by a bus. Our train departure time was 12.15 am. So, we went to our friend ...